আধুনিক চিন্তাঃ ফুটবল খেলি মই কি পালো আৰু কি হেৰুৱালো?😡😡😡 ফুটবল ⚽

    আধুনিক চিন্তাঃ ফুটবল খেলি মই কি পালো আৰু কি হেৰুৱালো?😡😡😡

(এই লেখাটি কেৱল মাত্ৰ আমাৰ বস্কবাৰী গাঁৱৰ মোৰ মৰমৰ আদিবাসী যুৱক-যুৱতিসকলক উদ্দেশি লিখা হৈছে। লেখাটিৰ দ্বাৰা কোনো সমাজ বা ব্যক্তিক কনোধৰণৰ আঘাত কৰাৰ মোৰ উদেশ্য নহয়।)

ফুটবল ⚽

     মোৰ জীৱনত মই নিজেই খেলি, খেলুৱাই আৰু উপভোগ কৰি ভাল পাওঁ। আজি মোৰ শৰীৰত ফুটবল খেলিব পৰা শক্তি আৰু নাই। কিন্তু, সেই সময়ত ফুটবল খেলৰ প্ৰতি মোৰ যি প্ৰেম-ভালপোৱা আছিল, আজি সেই একেসমানে আছে। মোৰ এতিয়াও মনত আছে, আমি ধুন্ধা ফিল্ডত ৰবাব টেঙা আৰু ঁআগষ্টিন হাউ-এ বাৰীৰ বাঁহ বিক্ৰী কৰি ফুটবল কিনাৰ কথা। সেইসময়তে নোৱাশ কান্দুলনাৰ জাদুকৰি ফুটবল খেলা প্ৰদৰ্শন কৰা। সেই সময়তে আমি 20-নং গাওঁ, প্ৰজাবস্তি, পালেংঢিপা, নামৰূপ হাই স্কুল আৰু বাগিচা খেলপথাৰ, ঘিনাই, কাৱৈমাৰি, শান্তিপুৰ, টেঙাহুলা আদি খেল পথাৰত ফুটবল প্ৰতিযোগিতা সমূহৰ পৰা প্ৰথম পুৰষ্কাৰ আনিবলৈ সক্ষম হৈছিলো। শ্ৰেষ্ঠ খেলুৱৈৰ পুৰষ্কাৰ সদায়, নোৱাশ কান্দুলনা, প্ৰেমচিওচ ছামৰীয়া, ধামচেন চুৰিনহঁতে পায়। কেতিয়াবা ভাগ্যত থাকিলে দুই এটা মইয়ো পাইছিলো। 

    তেনেদৰে খেলি থাকোঁতে অতি কম সময়ৰ ভিতৰতে আমি কেইজনমানে A Team-ত খেলিবলৈ সুযোগ পাওঁ। এই টিমৰ দুজন গলকিপাৰ বেদান ছামৰীয়া আৰু ধামচেন চুৰিন আছিল। যেতিয়াৰ পৰা আমি এই টিমত যোগদান কৰিছিলো, প্ৰায় আমি ফাইনেল খেলি প্ৰথম পুৰষ্কাৰ আনিবলৈ সক্ষম হৈছিলো। সেইটো সময়ত একমাত্ৰ বেদান ছামৰীয়াৰ সুদক্ষ গলকিপিঙৰ বাবে আমি জিকিবলৈ সক্ষম হৈছিলো। প্ৰেমচিওচ ছামৰীয়া আৰু মিখেল চুৰিন, জঙ্গলতলীৰ জয়ফাৰ পিঅ-ৰ গলেৰে আমি সদায় ফাইনেল খেলৰ সৌভাগ্য পাইছিলো। ডিফেঞ্চ বিকী ছামৰীয়া, হেলাৰুছ হামচায়, জন ভেংৰা ছাৰ, মলেন চুৰিনহঁতৰ কৌশল আৰু চতুৰ খেলৰ বাবে বিপক্ষ দলে গল কৰিব পৰা নাছিল। সৌভাগ্যক্ৰমে আৰু প্ৰেমচিওচ ছামৰীয়া, বিকী ছামৰীয়াহঁতৰ একক প্ৰচেষ্টাত বহুতো ভাল খেল খেলিব পাইছিলো। আমাৰ টাৰ্গেট আছিল আমি যিমানজন খেলুৱৈ আছো, প্ৰত্যকজনৰ ঘৰত একোখনকৈ শ্বীল্ড (পুৰষ্কাৰ) হব লাগিব। যাতে আমি কব পাৰিম আমি এদিন ফুটবল খেলিছিলো, ফাইনেল জিকিছিলো বুলি। 

    ফুটলৰ ৰোমাঞ্চকৰ কাহিনী কৈ কেতিয়াও শেষ কৰিব নোৱাৰি। গোটেই কথাখিনি স্পষ্টকৈ লিখি ওলিয়াবলৈ হলে সকলোৰে উপস্থিতিত লিখিব লাগিব। নহলে বহু ৰস লগা আৰু সুন্দৰ মনত ভাল খোৰাক যোগাব পৰা বহু কথা থাকি যাব। মই উল্লেখ কৰা ধৰণৰে বহু অভিজ্ঞতা হয়তো আপোনালোকৰো মনত এতিয়া আহিব পাৰে। আমাৰ গাৱঁত আমি সৰুৰে পৰা দেখি আহিছো। বিভিন্ন সময়ত একক প্ৰচেষ্টা বা দাতা পৰিয়ালসকলৰ দ্বাৰা ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। সেই পৰম্পৰা এতিয়া লৈকে প্ৰচলিত হৈ আছে। খুবেই সুখৰ কথা। উঠি অহা যুৱচামৰ মাজৰ ফুটবল খেলৰ প্ৰতি ভালপোৱা, খেলৰ প্ৰতি আকৰ্ষিত হোৱা আমাৰ সমাজ তথা যুৱচামৰ কাৰণে অতি ভাল কথা। যিকোনো খেল খেলিলে আমাৰ শৰীৰৰ অনুশীলন হৈ থাকে, এনে অনুশীলনে অনেক ৰুগৰ পৰা ৰক্ষা কৰাত বহু গুণে সহায় কৰে। ইয়াৰোপৰি ভাল খেল প্ৰদৰ্শনে একোজন খেলুৱৈক অন্য উন্নত খেল প্ৰদৰ্শন কৰাৰ বাট মুকলি কৰি দিয়ে। আমি নিজেই খেলাৰ উপৰিও বহু সময়ত ফুটবল খেল প্ৰতিযোগিতা আয়োজনো কৰিছিলো। আশা আছিল মই নহলেও কোনোবা এজন ভাল খেলুৱৈ আমাৰ গাঁৱৰ পৰা ওলাব। ভাল উন্নত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। কিন্তু দুখৰ কথা তেনে একো ভাল নহল। বিকী ছামৰীয়া একমাত্ৰ এনে এজন খেলুৱৈ যিয়ে একক প্ৰচেষ্টাৰে প্ৰশিক্ষণ লৈ লীগ পৰ্যায়লৈ খেলিবলৈ সক্ষম হয়। তাতোতকৈ দুখৰ কথা আমাৰ সমনীয়া যিমান খেলুৱৈ আছিল (সকলোৰে নাম উল্লেখ কৰা হোৱা নাই) প্ৰায় বেছিভাগে সেই ফুটবল খেলি থকা সময়তে মদ খাব শিকিছিলে। কিছুমানে আকৌ কম বয়সতে বিয়া কৰোৱাইছিল। বহুতে স্কুল এৰিছিল। দিনহাজিৰা কাম কৰিব ধৰিছিল। মই কব বিছৰা কথাখিনি হল যে সেই সময়ত মই মোৰ পঢ়া-লিখা, ঘৰৰ কাম বাদ দি ফুটবল খেলাত যিমান সময় নষ্ট কৰিছিলো, সেই সময়খিনি ভালকৈ পঢ়াত দিয়া হলে হয়তো আজি ইয়তকৈ আৰু ভাল পৰিস্থিতি হল হেতেন। মোক ঘৰৰ পৰা সদায় মোৰ মাঁ, দেউতা, দাদা, গাঁৱৰ জনা-বুজা, প্ৰচাৰক আৰু মোক মৰম কৰা ব্যক্তিসকলে কৈছিলে, খেলৰ কাৰণে তোমাৰ পঢ়া বেয়া নকৰিবা। মইয়ো একান্ত বাধ্য ছাত্ৰ হিচাপে তেঁওলোকৰ কথা মানি পঢ়া শুনা কৰি গলো। ভালে-ভালে ইমানলৈকে পঢ়িলো। 

    যিসকল উঠি অহা লৰা বা ছোৱালী খেলি আছে তেখেত সকললৈ মোৰ একেই অনুৰুধ আপোনালোকে খেলৰ বাবে নিজৰ পঢ়া বেয়া নকৰিব। খেলৰ বাবে পঢ়াবাদ নিদিব। আমাৰ গাঁৱখনক উন্নতি কৰাৰ ক্ষেত্ৰত পঢ়াটোহে সহায় কৰিব। 300 পৰিয়াল থকা গাঁৱ এখনত কমেও 250 শিক্ষিত মানুহ হব লাগিব। তাতে কমেও 150 চাকৰিয়াল মানুহ হব লাগিব। বাকীখিনি খেতিবাতি ব্যৱসায় বা অন্য উপাৰ্জন কৰিব লাগিব। ইয়াত লৰা-ছোৱালী সকলোৱে শিক্ষিত কৰাৰ কথা কোৱা হৈছে। আপুনি যদি প্ৰথম বিভাগত উত্তিৰ্ণ হয়(First division + with letter marks, distinction or position) লৈ যদি পাছ কৰে আপোনাক কোনেও ছাকৰি নিদিম বুলি কব নোৱাৰে। আপুনি ভালকে পাছকৰক কত, কেনেকৈ, কি পঢ়িব লাগিব আমি ৰাস্তা দেখুৱাম। আমাৰ গাঁৱখনৰ উন্নতিৰ কাৰণে আমাক, চাকৰিয়াল, শিক্ষক-শিক্ষয়ত্ৰী, ডাক্টৰ-নাৰ্চ, ইঞ্জিনিয়াৰ, উকিল, বিধায়ক, পঞ্চায়তৰ সভাপতি, পুলিচ, আৰ্মী সকলোধৰণ পদত থকা মানুহ লাগে। আজি আপোনালোকে ভালকৈ পঢ়ি লিখিলেহে ভৱিষ্যতে এই ধৰণৰ মানুহ আমি পাম আৰু আমাৰ গাঁৱখন উন্নতি হব। লগতে যিসকলে বৰ্তমান কাম কৰি আছে গাঁৱতে থাকক বা বাহিৰতে থাকক উপাৰ্জনৰ টকাখিনি যিমান পাৰি সাঁচি ৰাখিবলৈ যত্ন কৰিব। যদি অধিক উপাৰ্জন হৈছে আৰু আৰু যদি আপুনি ভাবিছে মই কি কামত লগাম তেনে ক্ষেত্ৰত মই আপোনালোকক পৰামৰ্শ কৰিব বিছাৰো আপোনাৰ গাঁৱৰ ঘৰখন পকা বনাই লওক। যদি নিজৰ মাটি আছে বগান খোলক, উপাৰৰ্জিত টকাৰে আপুনি ড্ৰাইভিং, ইলেক্ট্ৰিচিয়ান, কাৰ্পেন্টাৰ, পাম্বলাৰ, ৰাজ মিস্ত্ৰী, গাড়ী-বাইক মেকানিক, উন্নতধৰণৰ মিঠাই বনাবলৈ শিকা, ব্যৱসায়, খেতি, ফাৰ্মিং, কাটিং, টেইলৰিং আদি ডিপ্লমা, প্ৰশিক্ষণ, লব পাৰে। (ইয়াৰোপৰি আৰু বহু ভাল ভাল ব্যৱস্থা আছে, যত কম শিক্ষিত, আধাতে স্কুল এৰাসকল, স্কুল একেবাৰে নোযোৱা সকলেও এনেধৰণৰ শিক্ষাৰে শিক্ষিত হৈ নিজৰ জীৱন সুচল কৰি লব পাৰিব। তাৰোপৰি লৰা-ছোৱালী সকলোৱে প্ৰশিক্ষণ লব পাৰে। চৰকাৰি-বে-চৰকাৰি, এন.জি.অ আদিত) মই ফুটবল খুওব ভাল পাঁও কিন্তু কথা হল যে ফুটবল খেলি কোনো আজি লৈকে গাঁৱখনত না মই না আন কোনো এজনকে ডাঙৰ মানুহ হবলৈ নেদেখিলো। মৰমৰ বন্ধুসকল সময় সঁচাই গতিশিল, সময় কাৰোলে নৰয়। আজি এইখিনি কথা কোৱাৰ বাবে, আজি মোক বেয়া পায়, দহ বছৰৰ পাছত মোক ভাল পালে আপোনালোকৰ লগতে মোৰো লোকচান আছে। গাঁৱখনৰ লোকচান আছে। আৰু আমি গাঁৱখনক দহ বছৰ পিছলৈ লৈ যাম। যদি কাৰোবাৰ সঁচাকৈ প্ৰফেচনাল ফুটবলাৰ হবলৈ ইচ্চা আছে, উন্নত প্ৰশিক্ষণ লওক, ওচৰৰে ভাল কোনোবা ক্লাৱত নাম ভৰ্তি কৰাওক। আৰু তেনে কোনোবা আগ বাঢ়ি আহিলে আমি পাৰিলে নিশ্চয় সহায় কৰিম। তেঁও গাঁৱৰ গৌৰব হব। ইয়াত লৰা-ছোৱালী উভয়ৰে কথা কোৱা হৈছে। যিকোনো কামতে আগবাঢ়ি অহাজনক নিশ্চয় সহায় কৰা হব। 

    মই দেখিছো ফুটবল খেলাৰ বাবে বহু পৰিয়াল ভাঙিছে। বহু নতুনকৈ গঠন হোৱা পৰিয়ালত ফাট মেলিছিলে। বহু ভাল চোকা লৰা-ছোৱালীৰ পঢ়া বেয়া হৈছিলে, আৰু তেনে বহুত কথা যিয়ে সমাজখনক উন্নতিৰ ক্ষেত্ৰত বাধা দিছিলে। কিছুমান বাধা এতিয়াও লগ এৰা নাই। যেনে পাৰ্টি কৰা, মদ খোৱা ইত্যাদি। বন্ধুসকল প্ৰকৃত খেলুৱৈ হবলৈ হলে আমি এইবোৰ বেয়া অভ্যাস এৰিব লাগিব। লীগ মেচ খেলিব লাগিব। ক্লাৱত যোগদান কৰিব লাগিব। প্ৰশিক্ষণ লব লাগিব।...….।

ভুল-ত্ৰুটিবোৰ আঙুলীয়াই দিব বুলি আশা থাকিল।

পঢ়ি ভাল পালে আৰু এই লেখাটিৰ দ্বাৰা যদি দহজনৰ লাভ হব বুলি আপুনি ভাবিছে তেন্তে আগলৈ শ্বেয়াৰ কৰি দিব। 

           Click here for👉   Sadri Shayari 

            email: adivasishayar@gmail.com  copy right: Adivasi Shayar Assam

Comments

Popular Posts