গাঁৱখনক আৰ্থিক দিশত আগোৱাই নিয়াত মোৰ কৰণীয়ঃ (১)

    (আজিৰ বিষয়ঃ টকা কেনেদৰে উপাৰ্জন কৰিব পাৰি। বিভিন্ন উপায় আৰু ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। শেষলৈকে নিশ্চয় পঢ়িব।)

টকা হ’ল এনে এক মাধ্যম যাৰ অবিহনে আপোনাৰ জীৱন অচল হৈ পৰিব। মানুহ জন্মৰ পৰা মৃত্যুলৈকে টকাৰ প্ৰয়োজন হয়। ইয়াৰোপৰি বেমাৰ, বিবাহ, লিখা-পঢ়া, ব্যৱসায়-বাণিজ্য, আমোদ-প্ৰমোদ, আৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে আমাক দৈন্দিন জীৱনত টকাৰ প্ৰয়োজন হয়। ইয়াৰোপৰি আন বিভিন্ন কাৰণত আমাক টকাৰ দৰকাৰ হয়। আপোনাৰ ওচৰত টকা থাকিলে আপুনি যিকোনো কাম কৰিব পাৰে। 

বন্ধুসকল! আমি টকাৰ বিষয়ে সকলোখিনি জানো। তথাপিও মোৰ লেখাটি সুন্দৰ কৰিবলৈ অলপ টকাৰ বিষয়ে উল্লেখ কৰিলো। মুঠতে আপোনালোকে গম পালেই আজিৰ লেখাটিত টকাৰ বিষয়ে আলোচনা কৰিম। জানেনে, টকাক উপাৰ্জন, সঞ্চয়, খৰচ, আৰু মুনাফা বা লাভৰ বাবে ব্যৱহাৰ কৰিব পাৰি। বলক এই বিলাকৰ বিষয়ে তলত আলোচনা কৰো। আজি আমি উপাৰ্জনৰ ওপৰতহে আলোচনা কৰিম।

বিঃ দ্ৰঃ - এই আলোচনাটিত ১৮ বছৰৰ ওপৰৰ ব্যক্তিৰ কথা কোৱা হৈছে। যিসকল স্কুল এৰিছে। আকৌ, যিসকল স্কুল কেতিয়াও যোৱাই নাই, কিন্তু ইতিমধ্য ১৮ বছৰ পাৰ কৰিছে। এনে ব্যক্তিসকলৰ কথা কোৱা হৈছে। যাৰ কাম কৰি উপাৰ্জন কৰাৰ ক্ষমতা আছে তেনে ব্যক্তিৰ কথা কোৱা হৈছে। এই লেখাটি নিৰ্দেশ বা আদেশ নহয় মাত্ৰ মোৰ মনৰ কাল্পনিক দৃষ্টিভংগিৰ লিখিত আকাৰ। এনে ব্যক্তিৰ কথা কোৱা হৈছে যিসকল নতুনকৈ জীৱিকাৰ উপায় বিছাৰি আছে। ছাত্ৰ-ছাত্ৰী আৰু যিসকল বৰ্তমান উপাৰ্জন কৰি আছে এনে ব্যক্তিসকলৰ লগত এই আলোচনাটিৰ কোনো সম্পৰ্ক নাই।   

১) উপাৰ্জন।

    টকা আমি বিভিন্ন দিশৰ পৰা উপাৰ্জন কৰিব পাৰো। আপোনালোকে বৰ্তমান উপাৰ্জন কৰি আছে। উপাৰ্জন কাক বোলে প্ৰশ্ন কৰিলে আপোনালোকে বিভিন্ন প্ৰকাৰৰ উত্তৰ দিব পাৰিব। সময় পালে নিশ্চয় উপাৰ্জনৰ বিষয়ে এবাৰ অধ্যয়ন কৰিব। মোৰো বিশেষ জ্ঞান নাই। 

উপাৰ্জনৰ প্ৰক্ৰিয়াও বেলেগ-বেলেগ হব পাৰে। বৰ্তমান আমাৰ গাঁৱত যি প্ৰক্ৰিয়া প্ৰচলন হৈ আছে তাক সিমিত উপাৰ্জন প্ৰক্ৰিয়া কোৱা হয়। এই সিমিত উপাৰ্জনৰ প্ৰক্ৰিয়া লগত জড়িত সকল হল চাহ বাগিছাত কাম কৰা লোক। কিন্তু, ইয়াত মালিক পক্ষ আৰু কৰ্মৰত কৰ্মচাৰীসকলৰ কোনো উপায় নাই। মালিকে সিমিত উপাৰ্জন কৰে আৰু সেই সিমিত উপাৰ্জনৰ অধিক অংশ কৰ্মচাৰীসকলক সাপ্তাহিক দৰমহা হিচাপে দিয়ে। এই ক্ষেত্ৰত প্ৰতিবাদ বা দাবী কৰিলেও মালিক পক্ষই কোনো ব্যৱস্থা কৰি দিব নোৱাৰিব। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ক্ষেত্ৰত। ক্ষুদ্ৰখেতিয়ক সন্থাৰ দ্বাৰা নিৰ্দ্ধাৰিত কেচা চাহপাতৰ দামহে কৰ্মচাৰীসকলক প্ৰদান কৰা হয়। মালিক পক্ষই কেচা-চাহপাত উত্পাদনৰ বাবে অধিক খৰচ কৰিব লগীয়া হয়। তাৰ বিনিময়ত প্ৰয্যাপ্ত পৰিমাণৰ টকা উপাৰ্জন কৰিব নোৱাৰে। সেয়েহে আমি কোনো ব্যৱস্থা ল’ব নোৱাৰি। কোনোধৰণৰ দাবি কৰিব নোৱাৰি। 

এই ক্ষুদ্ৰ, প্ৰাইভেট আৰু কোম্পানী বাগিচাৰ কামৰ লগত জড়িত সাধাৰণ জনসাধাৰণে তেওঁলোক কিছু বাধা-বাধ্যকতাত পৰি বাগিচাত কাম কৰিব লগা হৈছে। এই খিনিতে এটা কথা উল্লেখ কৰিলে ভাল বুলি মই ভাৱো যে – কামত সৰু-ডাঙৰ বুলি একো কথা নাই। সকলো কামেই সমান। কৰ্মই ধৰ্ম। মোৰ কথাবোৰক অন্যদিশত আলোচনা নকৰিব। মই মাত্ৰ সিমিত উপাৰ্জনৰ কথাহে আলোচনা কৰিবলৈ এই প্ৰসংগ উল্লেখ কৰিব লগা হ’ল। যিসকল ১৫০ টকা হাজিৰাত কাম কৰি আছে তেওঁলোকে বাগিচাত কাম কৰি যোৱাৰ লগতে, ইচ্ছা কৰিলে আন বহু উপায়েৰে টকা উপাৰ্জন কৰিব পাৰিব। উদাহৰণ স্বৰূপে যেনে-খেতি, ফাৰ্মিং, বা পাৰ্ট টাইম ব্যৱসায় আদি। এইবিলাকৰ উপৰিও আন বহু সুবিধা আছে গাঁৱত। ১৫০ টকা আমাৰ দৈনিক উপাৰ্জন। সেইটো নিৰ্দ্ধাৰিত। আমি চাহ বাগিচাত কাম কৰিমেই। কৰিবই লাগিব। কিন্তু, লগতে আন উপাৰ্জনৰ দিশসমূহৰ লাভ উঠাবলৈ নাপাহৰিব। 

ঠিক তেনেদৰে কিছুমানে উপায়ন্তৰ হৈ কোম্পানী বাগিচাত কাম কৰিব লৈছে। খুওব ভাল কথা। যদি আপুনি ঘৰ এৰি কতো যাব নোৱাৰে তেতিয়া আমাৰ গাঁৱৰ মানুহবোৰৰ বাবে বাগিচাত কামকৰাৰ বাহিৰে আন কোনো উপায় নাই। এনেই ঘৰত বহি থকাতকৈ কোনোবা বাগিচাত স্থায়ী কৰ্মচাৰী হিচাপে যোগদান কৰাটো মই সদায় সমৰ্থন কৰি আহিছো। আগলৈও সমৰ্থন কৰি যাম। কাৰণ বৰ্তমান কোম্পানী বাগিচাসমূহত প্ৰায় ২০৫ টকালৈকে দিন হাজিৰা বৃদ্ধি হৈছে। অনাগত এই নিম্নতম হাজিৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। লগতে স্থায়ী কৰ্মচাৰী হ’লে বাগিচাৰ আন আন সুবিধাসমূহো লাভ কৰিব। এটি ভাল পৰিয়াল গঠন কৰি পৰিচালনা কৰিব পাৰিব।  

সেয়েহে যা-তা কৰা বাদ দি বাগিচাত সেইয়া প্ৰাইভেটে হওক, ক্ষুদ্ৰ চাহ বাগিচাই হওক বা কোম্পানী চাহ বাগিচাই হওক মুঠতে আমি উপাৰ্জন কৰিব লাগিব। (মোৰ)আমাৰ মা-দেউতাই আমাক চাহ বগানতে কাম কৰি পঢ়ালে। আজি আমি কিয় নোৱাৰিম। সেয়েহে কথাবোৰৰ বেলেগ অৰ্থ যেন ব্যাখ্যা নকৰিব। আমাৰ গাঁৱখন এনে ঠাইত অৱস্থিত যত আমাক চাহ বাগিচাত কাম কৰিবই লাগিব নহলে আন উপাই নাই। 

মই কব বিছৰা কথাখিনি হল আমি সিমিত উপাৰ্জন কৰাৰ লগতে অন্য বহু উপায়েৰে সিমিত উপাৰ্জনক বহুল উপাৰ্জনলৈ ৰূপান্তৰিত কৰিব পাৰি। বন্ধুসকল, যিসকলৰ বৰ্তমান বৱস ১৮ পৰা ২৫ বছৰৰ ভিতৰত অবিবাহি হৈ আছে আপোনালোকক মই অনুৰুধ কৰিছো কৃপা কৰি আপোনালোকে হাতৰ কাম শিকি লওক। যদি চাহ বাগিচাত কাম কৰিবলৈ বেয়া পায়। সকলো প্ৰফেচনেল কোৰ্চ কৰি চাৰ্টিফিকেট ধাৰী হব লাগিব। কিছুমানে আজি অসমৰ বাহিৰত থাকি উপাৰ্জন কৰি আছে। টকা গোটাই ভাল আৰু আপোনাৰ অৰ্হতাৰ সৈতে খাপ খোৱা বিধৰ, আপোনাক ভৱিষ্যতে কৰি ভাল পোৱা বিধৰ কাম শিকক। কথাবোৰ কৈছো কাৰণ আজি উপাৰ্জন কৰি আছে। কিন্তু, অহাকালি কিবা কাৰণত ঘৰত আহিবলগীয়া হ’ব পাৰে। এনে পৰিস্থিত ইয়াত অহাৰ পাছতো কৰিব পৰা বিধৰ কাম শিকক। এটা কথা কিন্ত মনত থব কাম কৰাত লাজ নকৰিব। এদিন সেই কাম কৰি যেতিয়া আপুনি সফল হৈ যাব সকলোৱে আচৰিত হৈ চায় থাকি যাব। 

পুনৰবাৰ মই উল্লেখ কৰিম যে মানুহ এজনে বিভিন্ন দিশৰ পৰা উপাৰ্জন কৰিব পাৰে। যেনেঃ- 

আমাৰ দৰে গাওঁ অঞ্চলৰ উপাৰ্জনৰ প্ৰাথমিক উপায়সমূহঃ

👉১) খেতি

    খেতি কৰিও মানুহ এজনে উপাৰ্জন কৰিব পাৰে। শাক-পাচলি, ফল-মূল, ঔষধি গছ-লতা আন বহু খেতি আছে যিবিলাক বিজ্ঞানসন্মতভাৱে খেতি কৰি অধিক উপাৰ্জন কৰিব পাৰি। চাহ বাগিচাত কাম কৰাৰ লগতে এইবোৰ খেতি কৰি যাব পাৰি। বৰ্তমান ক্ষুদ্ৰ চাহ বাগিচা, প্ৰাইভেট চাহ বাগিচা বা কোম্পানি চাহ বাগিচাত কৰ্মৰৰতসকলে তেওঁলোকৰ কাম এৰিব নালাগে। এইখিনিত আপোনালোকৰ নিজৰ মতামত সংযোজন কৰিবলৈ নাপাহৰিব। এনেধৰণৰ ব্যৱসায় ভিত্তক খেতি একক, গ্ৰোপ বা সামূহিক ভাৱে কৰি উপকৃত হব পাৰি। ইয়াত উঠি অহ লৰা-ছোৱালীৰ পৰা বৃদ্ধসকলে কৃষি-কৰ্ম কৰি লাভৱান হব পাৰে। আমাৰ গাঁৱত আমি সৰুৰে পৰা দেখি অহা খেতি সমূহ হ’ল – ধান খেতি, চাহ খেতি, বাঁহ খেতি, বতৰত কৰিব পৰা খেতি যেনে – লাই-শাক, মূলা, সৰিয়হ, বেঙেনা, বন্ধাকবি, ফুলকবি, ঔলকবি, দাঙবদি, জিকা, ভূল, জাতিলাউ, ৰঙালাউ, পানীলাউ ইত্যাদি ইত্যাদি। কিন্তু, এই খেতি আমাৰ এটি অতি তাকৰ প্ৰয়োজনীতা পূৰণ কৰিবলৈহে কৰা হয়। এই খেতিসমূহকে আমি আধুনিক কৌশল প্ৰয়োগ আৰু বিজ্ঞানসন্মতভাৱে কৰি উপাৰ্জন কৰিব পাৰো। 

    বন্ধুসকল আমি জনা উচিত যে –অধিক আৰু উন্নত জাতৰ 

👉(ক) ফল-মূল

    (উদাহৰণ স্বৰূপেঃ- নাৰিকল, নেমু, কঠাল, আম, লেচু, সুমথিৰা, মৌচমি আদি।) 

👉(খ) শাক-পাচলি

    (উদাহৰণ স্বৰূপেঃ- লাই-শাক, মূলা, সৰিয়হ, বেঙেনা, বন্ধাকবি, ফুলকবি, ঔলকবি, দাঙবদি, জিকা, ভূল, জাতিলাউ, ৰঙালাউ, পানীলাউ আদি।)

👉(গ) ঔষধি গছ

    (উদাহৰণ স্বৰূপেঃ- নিমপাত, তুলসী, চজিনা, অৰ্জুন গছ, পাণ, জেতুকা, সৰ্পগন্ধা, লঙ, আনাৰস, আদা, জালুক আদি।)

👉(ঘ) ফূলৰ খেতি

    (উদাহৰণ স্বৰূপেঃ- জবা, গোলাপ, চম্পা আদি।) 

    এই খেতিসমূহ বিজ্ঞানসন্মত আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰিলে অতি সোনকালে টকা উপাৰ্জনৰ দিশ দেখা যায়। তাৰোপৰি মই ইয়াত অধিক শব্দ ব্যৱহাৰ কৰিছো। ইয়াত অধিক মানে কমেও এক বিঘা মাটিৰ কথা কোৱা হৈছে। 

    মনত ৰাখিব, উপৰুক্ত খেতিসমূহ বিজ্ঞানসন্মত আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰিহে খেতি কৰাৰ কথা কোৱা হৈছে। লগতে আপোনালোকে যিকোনো খেতি কৰিবলৈ আগবঢ়াৰ আগতে সেই খেতিৰ বিষয়ে অধ্যন কৰি লব। মুঠ খৰচ আৰু উপাৰ্জন, লাভ-লোকচান, মুলধন আদি ভালদৰে হিচাপ-নিকাচ কৰি ল’ব। 

    এইখিনিলৈকে মোৰ মনত অহা খেতিসমূহৰ বিষয়ে উল্লেখ কৰিলো। আপোনালোকে আপোনালোকৰ মতামত সংযোজন কৰিবলৈ নাপাহৰিব। উপৰুক্ত উল্লেখিত খেতিসূহৰ বাহিৰেও আন বহু খেতি আছে যাৰ দ্বাৰা আমাৰ নিচিনা জনসাধাৰণে উপকৃত হোৱাৰ সম্ভৱনা আছে। নিশ্চয় সন্নিৱিষ্ট কৰিব।

    বন্ধুসকল খেতিৰ কৰাৰ বাবে বতৰৰ জ্ঞান থকা উচিত। সঠিক সময়ত খেতি কৰিলেহে ভাল দাম হোৱা যায়। 

(অধিক জানিবলৈ ছাৰ বিপ্লেঞ্চ্ বেকৰ সহায় ল’ব পাৰিব)

👉২) পশুপালন

    উন্নতজাতৰ গৰু, ছাগলী, কুকুৰা, গাহৰি, হাঁহ, পাৰ আদি ব্যৱসায়ভিত্তত পোহি টকা উপাৰ্জন কৰিব পাৰি। কিন্তু, বিজ্ঞানসন্মতভাৱে প্ৰতিপালন কৰিলেহে অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হব পাৰি। চৰকাৰি, বে-চৰকাৰী আৰু অন্য সংগঠনৰ পৰা সহায় লৈ এই ব্যৱসায়ত আগবাঢ়িব পাৰি। এনে কৰিলেহে অধিক লাভৱান হোৱাৰ সম্ভাৱনা আছে। চাহ বাগিচাত কাম কৰাৰ লগতে এই ব্যৱসায় চলাই জাব পাৰি। কথাবোৰ লিখা আৰু পঢ়িযোৱাত অতি সহজ যেন লাগিলেও সিমান সহজ নহয়। তথাপিয়ো উল্লেখ কৰিলে ইচ্ছুকজনৰ সহায়ক হ’ব বুলি।

👉৩) মিন পালন

    আজিকালি প্ৰতিটো ব্যৱসায় বিজ্ঞানসন্মত ভাৱে কৰা হয়। ভালকৈ তথ্য গোটাই এই ব্যৱসায়বোৰত আগবাঢ়িব লাগে। অন্যথা লোকচান হোৱাৰ সম্ভৱনা থাকে। বাগিচাত কাম কৰি যোৱাৰ লগতে এই কাম কৰি যাব পাৰি। পুখুৰী যিমানেই ডাঙৰ হওক আপোনাৰ যদি সঠিক জ্ঞান থাকে তাতে বহু উপাৰ্জন হোৱাৰ সম্ভাৱনা থাকে। সাধাৰণতে আমি পুখুৰীত যিবোৰ মাছৰ পোনা মেলো এই পোনা চালো কৌৱালিটিৰ হয়। তাৰো পৰি আমি কেতিয়াও বিজ্ঞানসন্মত ভাৱে লালন-পালন নকৰো। মুঠতে খৰচ নকৰাকৈ উপাৰ্জন আৰু লাভ বিছাৰো। আমি দেখিছিলো যে আমাৰ গাঁৱৰ কাষতে থকা নামৰূপ চাহ বাগিচাত বহুল পৰসৰত আৰু বিজ্ঞানসম্নত আৰু পূৰ্ণ ব্যৱসাভিত্তিত মিন পালন কৰা দেখা গৈছিল। মই সেইধৰণৰ মিন পালনৰ কথাহে কব বিছাৰিছো। ইয়োৰোপৰি জাতীয় কাৱৈ, মাগুৰ, শিঙি, পুঠি, গৰৈ, শিঙৰা, কুচিয়া আদি ব্যৱসায়ভিত্তিত পোহি টকা উপাৰ্জন কৰিব পাৰি। আৰু এই জাতীয় মাছবোৰক পোহিবলৈ অধিক ঠাইৰো প্ৰয়োজন নহয়। মাত্ৰ উন্নত পদ্ধতি আৰু দানাৰ প্ৰয়োগ কৰি অধিক টকা উপাৰ্জন কৰিব পাৰি। বিভিন্ন মাছৰ পোনাৰ নাৰ্চাৰী কৰিব পাৰি। এইখিনি মোৰ মতামত আপোনালোকৰ মতামত সংযোজন কৰিবলৈ নাপাহৰিব।

👉৪) মৌ পালন

    বন্ধুসকল আপোনালোকে হয়তু কেতিয়োও কল্পনাও কৰা নাই যে মৌ পালন কৰিও স্বাৱলম্বী হ’ব পাৰি। এনে বহু উদাহৰণ আমাৰ দেশত আছে। ইয়ো মানুহ এজনৰ উপাৰ্জনৰ দিশ হব পাৰে। মৌৰ ঔষধি গুণৰ বাবে বজাৰত ইয়াৰ মূল্যও অধিক। মৌ পালনৰ উন্নত আৰু বিজ্ঞানসন্মত পদ্ধতিৰ বিষয়ে আপোনালোকে নিজেই অধ্যন কৰি ল’ব। আপোনালেকে যি ফুল খেতি কৰিব সেই ফুল মৌমাখিৰ আহাৰৰ উতস হ’ব। মৌ ব্যৱসায়িক ভিত্তিত পালন কৰিবলৈ সা-সৰঞ্জাম কিনিবলৈ পায়। মাত্ৰ সঠিক তথ্য থাকিলে আপোনালোকে যোগাযোগ কৰি ক্ৰয় কৰি লব পাৰিব। আৰু মৌ পালনৰ বাবে গাইড বুক কিনি পঢ়ি ল’ব পাৰে। এইখিনি মোৰ ব্যক্তিগত মতামত আপোনালোকৰ মতামত সংযোজন কৰিবলৈ নাপাহৰিব।

👉৫) দুগ্ধ উতপাদন

    উন্নতজাতৰ গাই পোহি গাখীৰ উতপাদন কৰিব পাৰি। গাই বৰ্তমান যুগত বিভিন্ন প্ৰজাতিৰ দেখিবলৈ পোৱা যায়। তাৰে আপোনাৰ সুবিধাঅনুসাৰে যিকোনো এটা প্ৰজাতি পোহিব পাৰে। গাখীৰ ব্যৱসায় এটা লাভজনক ব্যৱসায় বুলি কব পাৰি। এইবোৰ কাম আমাৰ গাঁৱত এতিয়ালৈকে কোনো কৰা নাই, বা কৰিলেও কিছুমান বিশেষ কাৰণত অসফল হৈছিল মানুহবোৰ। সেয়ে মই পৰামৰ্শ কৰিব বিছাৰিম যে যিকোনো ব্যৱসায় আৰম্ভ কৰাৰ আগতে সেই নিৰ্দিষ্ট ব্যৱসাইটিৰ বিষয়ে সম্পূৰ্ণ তথ্য গোটোৱাৰ পাছতহে আগবাঢ়িব। অন্যথা অধিক লোকচান হোৱাৰ সম্ভাৱনা থাকে। এইখিনি মোৰ ব্যক্তিগত মতামত আপুনাৰ নিজৰ মতামত সংযোজন কৰিবলৈ নাপাহৰিব।

👉৬) কেচু সাৰ উতপাদন

    কেচু সাৰ বৰ্তমান যুগত অধিক দামত বিক্ৰী হোৱা সাৰৰ তালিকাত সকোলোতকৈ শিৰ্ষত। বৰ্তমান বজাৰ মূল্য কিমান আপানালোকে নিজেই সুধি ল’ব। কেচু সাৰ এক উন্নত জাতৰ কেচুৰ পৰা আৰু পেলনীয়া জাবৰ-জোথৰৰ প্ৰয়োগ কৰি উতপাদন কৰা হয়। সবিশেষ তথ্যৰ বাবে আপোনালোকে নিজে অধ্যন কৰি লব পাৰে। এই কেচু সাৰৰ সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে উতপাদন কৰা হয়। যথেষ্ট খৰচ আছে। মই ওপৰত উল্লেখ কৰা খেতিসমূহৰ পৰা অধিক টকা উপাৰ্জন কৰিবলৈ হ’লে প্ৰথমে কিছু টকা খৰচ কৰা দৰকাৰ হয়। গতিকে যদি আপুনি এনেধৰণৰ ব্যৱসায় বা খেতি কৰিব বিছাৰিছে তেনেহলে আপোনাৰ হাঁতত প্ৰৰ্যাপ্ত পৰিমনৰ ধন থকা উচিত। উতপাদিত কেচুসাৰ আৰু কেচু বিক্ৰী কৰিব পাৰি। এইখিনি মোৰ ব্যক্তিগত মতামত অনুগ্ৰহ কৰি আপোনালোকৰ মতামত সংযোগ কৰিবলৈ নাপাহৰিব।

👉৭) নাৰচাৰী

    মই পুলি বগানৰ কথা কব বিছাৰিছো। নাৰ্চাৰী যেনে- বিভিন্নধৰণৰ ফুল, ফল, চাহ, তামোল, ঔষধি গছ, ভূত জলকীয়া, জালুক, তেচপাত, নাৰিকল আদিৰ পুলি বনোৱাৰ কথা কৈছো। এই নাৰ্চাৰীৰ পৰা মালিক আৰু গ্ৰাহক দুয়োজনৰে লাভ আছে। যদি নাৰ্চাৰী সফল হয়। তেনেহলে ধৰি লওক আমাৰ গাঁৱখন পুনৰ চিৰ সেউজ হৈ উঠিব। আপুনি যে মৌ পালন কৰিব। মৌ মাখিয়ে আপুনি ৰূৱা গছৰ পৰা আহাৰ সংগ্ৰহ কৰিব। যদি অন্য পশু পালন কৰে এই নাৰ্চাৰীৰ পৰা বহু সহায়ক হব আহৰৰ কাৰণে। কিন্তু, আপুনি মই ভৱাৰ দৰে ই এদিনতে আৰু সহজতে হৈ উঠা বস্তু নহয়। সময় লাগিব। কাৰণ আমি নতুনকৈ আৰম্ভ কৰিম। নাৰচাৰী কৰাও খৰচৰ লগত জড়িত হৈ আছে। সেয়েহে অৰম্ভ কৰাৰ আগতে এই বিষয়ে জ্ঞান আহৰণ কৰাটো অতি আৱশ্যক। অন্যথা লোকচান হোৱাৰ সম্ভাৱনা থাকে। এইখিনি মোৰ ব্যক্তিগত মতামত আপোনালোকৰ মতামত সংযোজন কৰিবলৈ অনুগ্ৰহ কৰিবলৈ নাপাহৰিব।

👉৮) ধান খেতি

    বছৰেকত আমি মাত্ৰ এবাৰহে ধান খেতি কৰো। জলসিঞ্চনৰ ব্যৱস্থা কৰি বছৰেকত দুবাৰ খেতি কৰিব পাৰি নেকি। অধিক ধান খেতি কৰি আমি ধান বা চাউল বিক্ৰী কৰিব পাৰি নেকি। এবাৰ ভাবি ছাব পাৰি নিশ্চয়। মই গম পাইছো আপোনালোকৰ মনত এতিয়া কি প্ৰশ্নৰ উঠিছে। আপোনালোকে নিশ্চয় ভাবিছে বছৰেকত এবাৰ খেতি কৰিবলৈ পানীৰ অভাৱ হয়। তেনে ক্ষেত্ৰত দুবাৰ খেতি কৰিম! ৱাটাৰ্ পাম্প বহুৱাই, পুখুৰীৰ সহায় লৈ আমি এনে খেতি কৰিব পাৰো। কিন্তু, খৰচৰ কথা আহি পৰে আৰু আমি পিছ পৰি যাওঁ। বন্ধুসকল! ব্যৱসায় দৃষ্টিকোণৰ পৰা ছাবলৈ গলে লাভ আৰু লোকচান দুইটা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। আজিলৈকে আমাৰ গাঁৱত এনে খেতি কৰা মই দেখা নাই। সেয়েহে মোৰো অলপ সন্দেহ উপযিচে। তথাপিও এবাৰ কৰি ছোৱাটো বেয়া কথা নহ’ব ছাগৈ। আপোনালোকে চেষ্টা কৰি ছাব পাৰে। এইখিনি মোৰ ব্যক্তিগত মতামত আপোনালোকৰ মতামত সংযোগ কৰিবলৈ নাপাহৰিব।

👉৯) উইভিং চেন্টাৰ 

    বন্ধুসকল এই আধুনিক যোগত সামাজিক মাধ্যমত(ফেচবুক, ৱাট্চ্ এপ, ইনষ্টাগ্ৰাম আদিত) আদিবাসী সমাজৰ জাতীয় সাজ-পাৰ, যেনেঃ- শাৰী, মেখেলা চাদৰ, কামিজ, কোৰ্তা, কোৰ্ট, গামোচা আদি অধিক সমাদৰ তথা জনপ্ৰিয় অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু এইদৰে এখন বৃহত বজাৰ গঢ় লৈ উঠিছে। গতিকে মই উঠি অহা লৰা-ছোৱালীসকল লগতে আন ইচ্ছুক ব্যক্তিসকলে আমাৰ গাঁৱত এখন উইভিং চেনটাৰ প্ৰতিষ্ঠা কৰি পৰিচালনা কৰিব পাৰিলে, কিছু পৰিমাণে উপকৃত হোৱাৰ পথ দেখা পাইছো। এই উইভিং চেনটাৰটিত প্ৰশিক্ষণ আৰু উতপাদন কৰা হওক। উঠি অহা যুৱক-যুৱতি আৰু ইচ্ছুকজনক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পৰা যাব। উতপাদিত সামগ্ৰিসমূহ বিভিন্ন মাধ্যমেৰ বিক্ৰী কৰিব পাৰি। বিক্ৰী ব্যৱস্থাৰ লগত কিছুমানক নিয়োজিত কৰিব পাৰি। ই এক সুন্দৰ উপাৰ্জনৰ ব্যৱস্থা হ’ব পাৰে। গতিকে আৰম্ভ কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য গোটাই ল’ব। মুলধন, লাভ, লোকচান, খৰচ আদিৰ বিষয়ে অৱগত হলেহে পৰিচালনাত সুবিধা হ’ব। এই খিনি মোৰ ব্যক্তিগত মতামত আপোনালোকৰ মাতমত সংযোগ কৰিবলৈ নাপাহৰিব।


👉১০) টেইলৰিং আৰু কাটিং

    বন্ধুসকল বৰ্তমান যুগত টেইলৰিং আৰু কাটিং শিকিও স্বাৱলম্বি হ’ব পাৰি। কিন্তু, আপুনি এনে শিক্ষা গ্ৰহণ কৰি কোনোবা নামি-দামি টেইলৰিং দোকানত কাম কৰিব লাগিব। তেতিয়াহে অধিক টকা উপাৰ্জনৰ সম্ভাৱনা থাকে। ইয়াৰোপৰি আপুনি যদি ইচছা কৰে ভাল টাউন বা ব্যৱসায়িক ঠাইত নিজেই দোকান খোলি চলাব পাৰে। এই খিনি মোৰ ব্যক্তিগত মতামতা আপোনাৰ মতামত সংয়োগ কৰিবলৈ নাপাহৰিব।

👉১১) বিউটি পাৰ্লাৰ আৰু চেলুন

    বৰ্তমান যুগত ই এটা অতকৈ জনপ্ৰিয় ব্যৱসায়। গতিকে প্ৰশিক্ষণ লৈ নিজেই পৰিচালনা কৰিব পাৰিলে অধিক লাভৱান হোৱাৰ সম্ভাৱনা থাকে। তাৰোপৰি ভাল ব্যৱসায়িক ঠাই নাইবা টাউনত এনে দোকান খোলিলে অধিক ভাল। এই খিনি মোৰ ব্যক্তিগত মতামতা আপোনাৰ মতামত সংয়োগ কৰিবলৈ নাপাহৰিব।

👉১২) চুইট্চ আৰু কেক্

    বৰ্তমান সামাজিক মাধ্যমৰ যুগত প্ৰায় সকলো বয়সৰ লোকে নিজৰ জন্মদিন পালন কৰা দেখা যায়। ইয়াৰোপৰি আজি কালি বিবাহ আৰু আন আন মাঙ্গলিক কামত কেক্ ব্যৱহাৰ কৰা দেখা যায়। গতিকে ইও উপাৰ্জনৰ এক দিশ বা উপায হ’ব পাৰে। ভাল ক্ৰীমলগা কেক্ ৰ বৰ্তমান বজাৰ মূল্যও অধিক বৃদ্ধি হোৱা দেখা গৈছে। গতিকে ভাল আৰু উন্নত প্ৰশিক্ষণ লৈ এই ব্যৱসায় আৰম্ভ কৰিব পৰা যায়।

ইয়াৰোপৰি মিঠাই যেনেঃ- চিঙৰা, জেলেবি, বৰফি, ৰসগুল্লা, খুৰমা, বুন্দীয়-ভোজীয়া, খাজা আদি বনাবলৈ প্ৰশিক্ষণ লৈ সৰু-সুৰা হোটেল খোলিব পাৰি। এনেধৰণৰ দোকানো আজি কালি ঠাই বিশেষে ধুনীয়া ব্যৱসায় কৰা দেখা যায়। এনে ব্যৱসায় লৰা-ছোৱালী আৰু ইচ্ছুক ব্যক্তিক সকলোৱে আৰম্ভ কৰিব পাৰে। এই খিনি মোৰ ব্যক্তিগত মতামতা আপোনাৰ মতামত সংয়োগ কৰিবলৈ নাপাহৰিব।

👉১৩) কাঠফুলাৰ খেতি

    এই খেতিৰ বিষয়ে আপোনালোকে নিজেই জ্ঞান আহৰণ কৰি আগবাঢ়িব পাৰে।

👉১৪) অন্যান্য

👉(ক) মটৰ মেকানিক 

    গাড়ী মেৰামতি কৰিবলৈ প্ৰশিক্ষণ লোৱা। 

👉(খ) ইলেক্ট্ৰিকেল 

    ইলেক্ট্ৰিকেলৰ লগত জড়িত সম্পূৰ্ণ কাম শিকা। 

👉(গ) ৰিফ্ৰেজেৰেচন্ আৰু এয়াৰ কণ্ডিচনিং 

    ফ্ৰীজ আৰু এ. চি. মেৰামতি কৰিবলৈ প্ৰশিক্ষণ লোৱা।

👉(ঘ) ৱেল্ডিং আৰু ফেব্ৰিকেচন 

    লোহাৰ বস্তু নিৰ্মাণ কৰিবলৈ শিক্ষা লোৱা। ডিজাইন্ কৰিবলৈ প্ৰশিক্ষণ লোৱা। 

👉(ঙ) কম্পিউটাৰ হাৰ্ডৱেৰ 

    কম্পিউটাৰ মেৰামতা কৰিবলৈ প্ৰশিক্ষণ লোৱা। অৰ্হতাঃ- দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।

মৰমৰ বন্ধুসকল এইখিনি মোৰ চিন্তাধাৰৰ পৰা ওলোৱা উপাৰ্জনৰ উপায় বা দিশ সমূহ হয়। মই জানো আপোনোনালোকে ইয়াতকৈও উত্তম উপায় আৰু ব্যৱসায়ৰ বিষয়ে মোতকৈ বেছি জানে। সেয়েহে মই অনুৰুধ কৰিছো আপোনালোকে কামবোৰ আৰম্ভ কৰক। ফলাফলৰ বিষয়ে বেছি চিন্তিত হ’ব নালাগে। ভয় খাব নালাগে। যদি আপুনি ভালদৰে আৰু পৰিপাটিকৈ কামবোৰ কৰি যায় ৯৮ শতাংশ সফল হ’বই। ইমানবোৰ উপায় মই দেখুৱাই দিলো আপোনালোকৰ ফালৰ পৰাও কিছু উপায় আৰু ব্যৱস্থা অন্তৰ্ভূক্ত কৰিব। এইখিনি মই লিখিছো কাৰণে কৰিবৈ লগিব তেনে কোনো কথা নাই। যদি ভাল লাগিছে প্ৰয়োগ কৰি ছাব পাৰে।

তাৰোপৰি যোগ্যজনে বিভিন্ন চাকৰি কৰিও টকা উপাৰ্জন কৰিব পাৰে। 

    আমাৰ বহুত ড্ৰাইভাৰ্ আছে। কিছুমান কৰ্মহীন হৈ আছে। সেয়ে ড্ৰাইভিঙৰ কথা উল্লেখ কৰা নাই। তথাপিউ ইচ্ছুকজনে ড্ৰাইভিং শিকিব পাৰে। যদি ড্ৰাইভিং শিকিব বিছাৰে মই পৰামৰ্শ কৰিব বিছাৰিম জে. চি. বি. বা ডাম্পাৰ গাড়ীৰ চলাবলৈ শিকিব। 

উপৰত উল্লেখ কৰা কিছুমান খেতি গ্ৰোপ বা সামূহিকভাৱে কৰিলে অধিক সুবিধা হ’ব যেন মোৰ অনুভৱ হয়। 

    এইখিনি অতি প্ৰাথমিক উপায়সমূহ হয়। আপোনালোকে আপোনালোকৰ সুবিধা অনুসাৰে উল্লেখিত যিকোনো এটা উপায় বাছি ল’ব পাৰে। কিন্তু, ই কোনোধৰণৰ আদেশ নহয়। আপুনি উল্লেখিত উপায়সমূহৰ বাহিৰেও অন্য যিকোনো উপায় উপাৰ্জনৰ কাৰণে উপয়োগ কৰিব পাৰে। মনত ৰাখিব, আপোনাৰ উপাৰ্জনৰ উপায় বা ব্যৱস্থাই সমাজত কোনোধৰণৰ ক্ষতি সাধন কৰিব নোৱাৰে। মোৰ আগন্তুক লেখাত উপাৰ্জনৰ অন্য উপায় আৰু ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰিম।

    ইতিমধ্য কোনো সচেতন ব্যক্তিয়ে যদি উল্লেখিত কামসমূহৰ যিকোনো এটাও যদি কৰি আছে তেন্তে তেওঁ দুখোজ আগুৱাই আছে বুলি মই ভাৱো। 

ধন্যবাদ! 🙏

(এই লিখনিৰ ভুল-ভ্ৰান্তিৰ বাবে ক্ষমা বিচাৰিছো। আশা কৰিছো মোৰ ভূল-ভ্ৰান্তিবোৰ আঙুলীয়াই দিব। অনাগত দিনত যাতে আৰু ভালকৈ লিখিবলৈ মোৰ সহায়ক হ’ব।)

এই লেখাটিত মাত্ৰ উপাৰ্জনৰ বিষয়েহে উল্লেখ কৰা হৈছে। সঞ্চয়, খৰচ আৰু মুনাফা লাভৰ বাবে ব্যৱহাৰ সম্পৰ্কে পৰৱৰ্তী লেখাত উল্লেখ কৰা হব। সেয়েহে আমাৰ ফেচবুক পেজঃ https://www.facebook.com/adivasishayar Like আৰু Follow কৰক। লগতে ফেচবুক গ্ৰোপঃ https://www.facebook.com/groups/646374392801802/?ref=share_group_link Join কৰক। https://www.youtube.com/channel/UC_Lt6c3Rs1GVyTo0_E_5v4Q 

https://youtu.be/K_3Kqj1FbAo ছাবলৈ নাপাহৰিব। 

Comments