গাঁৱখনক শৈক্ষিক দিশত আগোৱাই নিয়াত মোৰ কৰণীয়। কি আৰু কেনেধৰনৰ পদ্ধতি প্ৰয়োগ কৰি সফল হব পাৰি? উদাহৰণসহ ব্যাখ্যা কৰা হৈছে।

    গাঁৱখনক শৈক্ষিক দিশত আগোৱাই নিয়াত মোৰ কৰণীয়। কি আৰু কেনেধৰনৰ পদ্ধতি প্ৰয়োগ কৰি সফল হব পাৰি? উদাহৰণসহ ব্যাখ্যা কৰা হৈছে।

    (আজিৰ লেখা অলপ দীঘল আছে। সম্পূৰ্ণ বুজিবলৈ শেষলৈকে পঢ়িব। বাৰ-বাৰ পঢ়িব।)

    (আমাৰ গাঁৱৰ প্ৰায় ৯৯ শতাংশ লোক অশিক্ষিত, এনে অৱস্থাত উঠি অহা লৰা-ছোৱালীবোৰক শৈক্ষিক দিশত আগবাঢ়ি যোৱাত কেনেদৰে আমি সহায় কৰিব পাৰো। লৰা-ছোৱালী আৰু তেওঁলোকৰ অবিভাৱকসকলক কেনেদৰে শিক্ষাৰ গুৰুত্বতা বুজাব পাৰি। বিদ্যালয় এৰা লৰা-ছোৱালীবোৰৰ সমস্যাবোৰক অধ্যয়ন কৰি সমাধানৰ ব্যৱস্থা কৰিব পাৰি নেকি(?)। এতিয়ালৈকে গাঁৱখনত এজনো চাকৰিয়াল মানুহ নাই। পঢ়ি-লিখি মানুহ হোৱা প্ৰতিষ্ঠিত ব্যক্তি কোনো নাই। সেয়ে উদাহৰণ হিচাপে দাঙি ধৰিবলৈ বা দেখুৱাব নোৱাৰি। দুই-এজনে কলা-শাখাত স্নাতক ডিগ্ৰী সম্পন্ন কৰিলে যদিও ঘৰতে বহি আছে। কিছুমানে দ্বাদশ খ্যাতিৰে উৰ্ত্তিণ হৈ ঘৰতে এনে পৰি আছে। এনে ক্ষেত্ৰত আমি উঠি অহাজনক কেনে দৰে উদাহৰণ দিব পাৰিম। কিন্তু, এইযে শিক্ষিত কেইজন ঘৰত বহি আছে। মই জানো তেওঁলোক টকা উপাৰ্জনৰ কাৰণে বহু কিবা-কিবি আৰু ভাল কামত নিয়োজিত হৈ আছে। মুঠতে সময়খিনি ভালকামত খটোৱাইছে। ভাল লাগে এনে দেখি। কিন্তু, হে শিক্ষিত ভাই-ভনীসকল নাপাহৰিব আমি এখন গাঁৱত বসবাস কৰো, যত আমাৰ অজানিতে বহু ক্ষতিকাৰক বিষবাষ্প বিয়পি আছে, আপুনি হয়তো ভাবিবলৈ বাধ্য হৈছে যে এই গাঁৱখন আৰু ইয়াত বাস কৰা মানুহবোৰৰ কেতিয়াও ভাল নহব। কেতিয়াও আগনাবাঢ়িব বা আগবাঢ়িব নোৱাৰিব। মোৰ কথা কোনে শুনিব। মই এই মানুহবোৰৰ কাৰণে কেতিয়াও একো ভালকাম নকৰো। কেতিয়াও সহায় নকৰো। অপোনি ঠিকেই ভাবিছে। কাৰণ আমাৰ গাঁৱৰ মানুহবোৰ তেনেই হীনমান্যতাৰ যোগ্য। কিন্তু, এজন শিক্ষিত ব্যক্তি হিচাপে যেতিয়া এনেধৰণৰ ভাৱনা আমাৰ মনত আহে, সেই তেতিয়াই আমি ডাঙৰ ভুল কৰো। আপুনি হয়তু ভাবিছে মই সমাজখনৰ কাৰণে ইমান কৰিলো, সমাজে মোক কি দিলে। এনেদৰে ভবাটো আপোনাৰ নিছিনা এজন ভদ্ৰলোকৰ কাৰণে অতি লাজৰ কথা হব। ঠিক আছে মই তলত আমাৰ গাঁৱখনক শৈক্ষিক দিশত কেনেদৰে আগবঢ়াই নিব পাৰি তাৰে কিছুমান সহজ উপায় আপোনালোকৰ আগত দাঙিধৰিব বিছাৰিছো। এইখিনি মোৰ ব্যক্তিগত চিন্তাধাৰা আপোনালোকে নিজৰ মতামত দাঙি ধৰিব পাৰে। (মতামত দিবলৈ এটি গুগল মিটৰ আয়োজন কৰা হব। ইয়াৰ বিষয়ে পাছত আপোনালোকক অবগত কৰোৱা হব। গ্ৰোপত ৰিপ্লাই নকৰিব। যদি কিবা প্ৰশ্ন বা দিহা-পৰামৰ্শ থাকে মোক ব্যক্তিগতভাৱে যোগাযোগ কৰিব পাৰে।) 

১) গাঁৱত প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে  টিউচনৰ ব্যৱস্থা কৰা।

    (এই টিউচন ফ্ৰী দিয়া নহব। প্ৰতিঘৰৰ পৰা লৰা-ছোৱালী টিউচন অহাটো বাধ্যতামূলক। গাঁৱত যিমান ইচ্ছুক ছাত্ৰ-ছাত্ৰী ওলায় আহিব প্ৰত্যকৰে পৰা টিউচন ফিচ লোৱা হব। প্ৰতি মাহত এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ পৰা কমেও ১৫০ টকা আৰু অধিক ২০০ টকা লৈকে টিউচন ফিচ্ লব পাৰিব। ফিচ দিয়াটো বাধ্যতামূলক। এই টিউচন ফিচ নিৰ্দ্ধাৰিত নহয়। কম-বেছি কৰিব পাৰিব।)

২) টিউচন আয়োজনৰ বাবে গাঁৱৰ পাঁচ-প্ৰচাৰক সকলৰ লগত আলোচনা কৰা।

    (ইচ্ছুক শিক্ষকসকলে এটি গ্ৰোপ বনাব। উদাহৰণ স্বৰূপে যেনে- শ্ৰী নিৰাল হাউ, শ্ৰী দিপক বাঘৱাৰ, শ্ৰী ৰিজইচ ছামৰীয়া আৰু কোনো ইচ্ছুক জনে এই গোটত থাকিব। এটি আহ্বায়ক সমিতিৰ দ্বাৰা আয়োজিত আলোচনাটিত নিজৰ কাৰ্যপ্ৰণালীৰ বিষয়ে অবগত কৰিব। টিউচনৰ কৰাৰ বাবে এটি সঠিক স্থানৰ নিৰ্বাচন কৰিব। সকলোৰে মতামত লোৱাৰ পাছত এটি পৰিচালনা সমিতি গঠন কৰিব। এই পৰিচালনা সমিতিত গাঁৱৰ মহিলা-পুৰুষ উভয়ৰে সমান পদবি থাকিব। উদাহৰণঃ টিউচনৰ তদাৰকৰ বাবে পৰিচালনা সমিতিত এজন সভাপতি আৰু এগৰাকী মহিলা উপ-সভানেত্ৰী থাকিব। সম্পাদকজন পুৰষ থাকিলে সহঃ সম্পাদক গৰাকী মহিলা থাকিব, আৰু সদস্য-সদস্যাসকল মহিলা-পুৰুষ সমানে থাকিব। ইয়াৰোপৰি আলোচনাটিত টিউচনৰ সময় নিৰ্ধাৰণ কৰিব। মনত ৰাখিব মই প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীৰ লৰা-ছোৱালীৰ টিউচনৰ কথাহে উল্লেখ কৰিছো। কাৰণ মই পাছত উল্লেখ কৰিম। টিউচনত দৰকাৰ হোৱা শৈক্ষিক সামগ্ৰী যেনে- ব্লেক বোৰ্ড, চক্, ডাষ্টাৰ, প্লেকাৰ্ড, চাৰ্ট পেপাৰ ইত্যাদি ইত্যাদি গাঁৱৰ ইচ্ছুক ব্যক্তিসকলৰ পৰা ডনেচন বিচাৰিব। টিউচন ফিচৰ কথা উল্লেখ কৰিবলৈ নাপাহৰিব। এই খিনিলৈকে মোৰ মতামত আৰু দিহা-পৰামৰ্শ আগবঢ়ালো। আপোনাৰ নিজৰ মতামত আৰু বুদ্ধি প্ৰয়োগ কৰিবলৈ নাপাহৰিব।)

৩) টিউচনত কি কি পঢ়াব।

    (প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ্ শ্ৰেণীলৈকে সাধাৰণতে আনুষ্ঠানিক বিদ্যালয় এখনত লৰা-ছোৱালীবোৰক আখৰৰ লগত চিনাকি কৰোৱা হয়। যেনে- অ, আ...ক, খ, A, B, Word, sentence formation, ক + া = কা, খ + া = খা বানান, যুক্তাষৰ, বাক্য গাঁথনি, শ্ৰোতলিপি, লগতে ১, ২, সংখ্যা লগত চিনাকি, ১ ঘৰৰ পৰা ১০ ঘৰলৈ, যোগ, বিয়োগ, পূৰণ, হৰণ আদি শিকোৱা হয়। ছবি অঁকা, মাটিৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিবলৈ দিয়া।(আপোনাৰ নিজৰ শৈক্ষিক প্ৰণালী সংযোজন কৰিব পাৰিব) বন্ধুসকল মই প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ্ শ্ৰেণীৰ লৰা-ছোৱালীৰ কথা কিয় কৈছো জানেনে, কাৰণ এইটো বয়স হৈছো মানৱ জীৱনৰ অতিকৈ গুৰুত্বপূৰ্ণ সময়। এই বয়সতে আমি পৃথিৱীৰ নতুন বস্তুবিলাকৰ সৈতে চিনাকি হঁও। মই চৰকাৰি শিক্ষা ব্যৱস্থাক দোষাৰূপ কৰিব বিচৰা নাই। কিন্তু, সঁচা কথা কবলৈ গলে আমাক বহু ক্ষেত্ৰত অৱহেলা কৰা হয়। বিশেষকৈ শিক্ষা ক্ষেত্ৰত। সেয়ে, চৰকাৰk দূষ নিদি আমি কি ভূল কৰি আছো তাক স্বীকাৰ কৰি এই লৰা-ছোৱালীবোৰক প্ৰাথমিক জ্ঞান সম্পূৰ্ণৰূপে প্ৰদাণ কৰোঁ আহক । 

    এইবোৰ কথা কোৱাৰ বিশেষ কাৰণ এইয়ে যে মোক এটা পৰিয়ালৰ  পৰা অবিভাৱক এজনে অনুৰুধ কৰি কৈছিল যে মোৰ লৰা়টোক কোনো মতে মেট্ৰিক পাছ কৰাই দিয়া, মই তেঁওৰ কথা মতে যিমান পাৰো ভালকৈ লৰাজনক পঢ়াবলৈ চেষ্টা কৰাৰ বাবে আগবাঢ়ি আহিলো। কিন্তু, অতি দুখৰ কথা কি জানে নে মই যেতিয়া লৰাজনক পঢ়াব আৰম্ভ কৰিলো গম পালো যে লৰাজনে আখৰ চিনি নাপায়, বানান লিখিব নাজানে। আপোনালোকে এতিয়া কওক এনে এজন দশম শ্ৰেণীৰ লৰাজনক মই কেনেদৰে মেট্ৰিক পাছ কৰাব পাৰিম। সেই কাৰণে মই ভাবো বিদ্যালয়ৰ আৰম্ভণি স্তৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক সকলো শিকাব লাগে। আৰু একমাত্ৰ এইটো কাৰণতে মই প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীৰ কথা উল্লেখ কৰিছো। টিউচন শিক্ষকসকলৰ মেইন কামটো হল এই বয়সৰ লৰা-ছোৱালীবোৰক এটি ভাষাৰ লগত সম্পূৰ্ণ চিনাকি কৰাই দিয়া। অসমীয়া আৰু ইংৰাজী দুইটা ভাষা সমানে শিকাই যাবলৈ পাৰিব লাগিব। বন্ধুসকল,মনত থব, আনক শিকোৱা মানে নিজৰ জ্ঞান দুগুণ বঢ়োৱা।(ইয়াত আপোনালোকৰ মতামত দিবলৈ বা প্ৰশ্ন কৰিবলৈ নাপাহৰিব।)

৪) প্ৰতিযোগিতা আৰু পুৰষ্কাৰ।

    (ওপৰত উল্লেখিত বিষয়সমূহৰ উপৰিও ভাল এজন ছবি অঁকা শিক্ষক বা শিক্ষয়ত্ৰী নিয়োজিত কৰি ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ধৰণৰ ছবি অঁকাৰ প্ৰতি আকৰ্ষিত কৰা।গাঁৱত থকা প্ৰতিভাসমূহৰ বিকাশত সহায় কৰা। কোনোবা ছাত্ৰ বা ছাত্ৰী ভাল ছবি অংকণ কৰিব পাৰিলে, অবিভাৱকসকলৰ লগত আলোচনা কৰি উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰে। ঠিক তেনেদৰে অসমীয়া আৰু ইংৰাজী দুইটা বিষয়তে কবিতা, সাধু, ৰচনা, আদি লিখিবলৈ দিব পাৰে। কবিতা আবৃত্তি, তৰ্ক-প্ৰতিযোগিতা, সাধাৰণ জ্ঞান, কুইজ আদি অনুষ্ঠিত কৰিব পাৰে। দেশ প্ৰেমমূলক গান, ৰাভা সঙ্গীত, জ্যোতি সংগীত আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা। ফলাফলৰ পাছত অবিভাৱকৰ উপস্থিতত জয়ী হোৱা ছাত্ৰ বা ছাত্ৰীজনক পুৰষ্কৃত কৰা। এই পুৰষ্কাৰ কোনোবা ইচ্ছুক ব্যক্তিৰ পৰা ডনেচন হিচাবে লব।(ইয়াৰোপৰি আপোনালোকে আপোনালোকৰ নিজৰ শৈক্ষিক ব্যৱস্থাসমূহ প্ৰয়োগ কৰিব পাৰে।)

৫) কি দৰে টিউচনৰ সময়সূচী বনাব।

    (মোৰ জনামতে, আমাৰ গাঁৱৰ মানুহবোৰৰ সময় প্ৰায় নাই। সকলো মানুহ ব্যস্ত থাকে। এইদৰে ব্যস্ত থকাটোও গাঁখনৰ কাৰণে এটি ভাল সংকেত। অপুনি যদি এই টিউচন অনুষ্ঠানটিৰ শিক্ষক হব বিছাৰিছে তেন্তে আপোনালৈ মোৰ অনুৰুধ নিশা ৯.৩০ বজাত শুই জাব। ৰাতিপুৱা ৪.০০ বজাত উঠিব। টিউচন ৫.০০ বজাৰ পৰা আৰম্ভ কৰি ৬.০০ বজাত শেষ কৰিব। তেতিয়া লৰা ছোৱালীবোৰে ৬.৩০ বজাৰ পৰা নিজৰ ঘৰুৱা কাম কৰিব পাৰিব। তেওঁলোকে স্কুল যোৱাৰ আগে-

    আগে সকলো কৰণীয় কামখিনি কৰিবলৈ সময় পাব। সন্ধিয়া টিউচন কৰিলে আপোনাৰ লাইট, ছাত্ৰ-ছাত্ৰীৰ অহা-যোৱা কৰাত আৰু বিভিন্নধৰণৰ অসুবিধা সন্মূখীন হব। ৰাতিপূৱা সোনকালে বিছনাৰ পৰা শুই উঠাৰ অভ্যাস আপোনাৰ আৰু ছাত্ৰ-ছাত্ৰী প্ৰত্যকৰে কাৰণে লাভদায়ক হব। এনে কৰিবলৈ আপোনাক কিছুমান বেয়া অভ্যাস বাদ দিব লাগিব যেনে- মবাইল দেৰি নিশালৈকে টিপা বন্ধ কৰিব লাগিব, বিনাকামত নিশা দেৰিলৈকে জাগি নাথাকিব, চিনেমা ছোৱা, বন্ধুসকলৰ লগত বিনা কাৰণত দেৰিলৈকে আলোচনা কৰা বাদ দিব লাগিব ইয়াৰোপৰি আপোনাৰ আন বেয়া গুণসমূহ বাদ দিব লাগিব। আপুনি যদি ইচ্ছা কৰে ছাত্ৰ-ছাত্ৰীক চিনেমা দেখুৱাব পাৰে। চিনেমাবোৰ প্ৰেৰণাদায়ক, শিক্ষামূলক হব লাগিব। কোনোবা এজন মহান ব্যক্তি, খেলুৱৈ, সংগীত শিল্পীসকলৰ জীৱনৰ ওপৰত নিৰ্মিত চিনেমা প্ৰদৰ্শণ কৰিব পাৰে।যদি সম্ভৱ হয় সপ্তাহৰ প্ৰতিদিন (সোমবাৰৰ পৰা শনিবাৰলৈকে) টিউচন কৰাব পাৰিব। (এইখিনি মোৰ ব্যক্তিগত মতামত আপোনালোকৰ নিজৰ পদ্ধতিসমূহ প্ৰয়োগ কৰিবলৈ নাপাহৰিব।)

৬) টিউচনত শাস্তি আৰু অনুশাসন।

    (টিউচনত কোনো ছাত্ৰ-ছাত্ৰীক শাস্তি বা সামূহীক লাজ নিদিব। এনেকৰাৰ পৰা বিৰত থাকিব। যিজন ছাত্ৰ-ছাত্ৰী পঢ়িব বা লিখিব নোৱাৰিব তেনে ছাত্ৰ-ছাত্ৰীক অধিক সময় আৰু মনোযোগ দিব। কাৰণ তেওঁ স্লো্ লাৰ্ণাৰ হয়। এনে বহু ছাত্ৰ-ছাত্ৰী পাব যিসকল বহুত কথা কমকৈ বুজি পায়। টিউচনত আপুনি অসমীয়া ভাষা ব্যৱহাৰ কৰিব দৰকাৰ হলেহে চাদ্ৰী বা মুণ্ডা বা অন্য ভাষা ব্যৱহাৰ কৰিব। আপোনালোকে ছাত্ৰ-ছাত্ৰীক কব-“তোমালোক ভুল কৰা, আমি শুদ্ধ কৰি দিম বা শিকাই দিম।” মনত থব, এজন শিক্ষক হিচাপে ছাত্ৰ-ছাত্ৰীসকল হাজাৰবাৰ ভুল কৰিলে আপোনালোকে হাজাৰবাৰ খং নকৰাকৈয়ে সমাধান বা তেওঁক শিকাব লাগিব। এজন ছাত্ৰ-ছাত্ৰীয়ে বাৰে-বাৰে ভুলকৰাৰ কাৰণ কি হব পাৰে। হয়তু, তেওঁ বুজি পোৱা নাই, নতুবা তেওঁ আগতে তেনেকুৱা একো দেখাই নাই। এইটো তেওঁৰ কাৰণে প্ৰথম মুখামূখী হব পাৰে। এনে ক্ষেত্ৰত আপুনি কি কৰিব সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক বেছি সময় দিব। তেখেত নজনাটো শিকাইহে এৰিব। মনত ৰাখিব, আপুনি শাস্তি দিব নোৱাৰে।

    অনুশাসনঃ টিউচনত পৰিপাটি কৈ আহিব লাগিব। কিতাপ, বহি, কলম, পেঞ্চিল আদি আনিব লাগিব। বৰষুণ বতৰত ছাতি লগত আনিব লাগিব। টিউচনত ছাৰৰ লগতে অন্য সহপাঠিক(লগৰ-সমনীয়াক) গুড্ মৰ্নিং, থেংক্ ইউ, ৱেলকাম, আৰু শিষ্টাচাৰৰ বিষয়ে শিকাব। ছাত্ৰ-ছাত্ৰীসকল টিউচনৰ সময়ত চিঞৰ-বাখৰ কৰিব নোৱাৰিব আদি শিকাব।

    ঘৰত মা-দেউতা আৰু ডাঙৰজনৰ লগত কেনেদৰে ব্যৱহাৰ কৰা উচিত সকলো শিকাব।(এই বোৰ মোৰ ব্যক্তিগত মতামত আপোনাৰ মতামত সংযোগ কৰিবলৈ নাপাহৰিব।)

৭) প্ৰতিযোগিতাৰ দিন ধাৰ্য।

    (প্ৰতিমাহৰ প্ৰায় দুটা দেওবাৰত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিব পাৰে। সন্ধীয়া প্ৰায় ৬.০০ বজাৰ পৰা ৰাতি ৮.০০ বজামান লৈকে। অবিভাৱকসকলৰ উপস্থিতি আহ্বান কৰিব। শ্ৰেণী অনুসাৰে প্ৰতিযোগিতাসমূহ আয়োজন কৰিব পাৰিব। এদিনত মাত্ৰ এটাহে প্ৰতিযোগিতা আয়োজন কৰিব। যদি সম্ভৱ হয় পুৰষ্কাৰৰ ব্যৱস্থা কৰিব। পৰিচালনা সমিতিৰ উপস্থিতি আহ্বান কৰিব। সমিতিৰ কোনোবা এজন ব্যক্তিক এটি সাধু বা শিক্ষামূলক চুটি গল্প কবলৈ অনুৰুধ কৰিব। আপোনালোক শিক্ষকসকলে প্ৰতিযোগিতা পৰিচালনা কৰাৰ দায়িত্ব লব।(এইখিনি মোৰ ব্যক্তিগত মতামত আপোনালোকৰ মতামত সংযোজন কৰিবলৈ নাপাহৰিব।)

৮) অন্যান্য। 

    (ক) এই বিষয়ত আপোনালোকে অবিভাৱকসকলৰ মিটিং আহ্বান কৰিব। এই মটিঙত ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকিব নোৱাৰিব। মিটিঙ এজন শিক্ষকৰ আহ্বানক্ৰমে আনুষ্ঠিত কৰা হব। পৰিচালনা সমিতিৰ সভাপতিত্বত কৰা হব। এই মিটিঙত ছাত্ৰ-ছাত্ৰীসকলৰ দুৰ্বলদিশসমূহ প্ৰথমে আলোচনা কৰা হব। সকলোৰে পৰামৰ্শ, মতামত লৈ দুৰ্বলতাসমূহ দূৰ কৰাৰ ব্যৱস্থা কৰা।ছাত্ৰ-ছাত্ৰীসকলৰ ভাল আৰু সাম্ভাব্য দিশসমূহ দেখুৱাই দিব। এই দিশ আৰু গুণসমূহৰ বিকাশৰ বাবে কেনেধৰণৰ ব্যৱস্থা লব পাৰি আবিভাৱক সকলৰ পৰা মতামত লব। পাৰিলে তেনে ছাত্ৰ-ছাত্ৰীৰ পথ দেখুৱাবলৈ আনৰ সহায় লব পাৰিব। 

    (খ) সমল ব্যক্তিসকলক মাজে সময়ে প্ৰতিযোগিতা সমূহত আমন্ত্ৰীত কৰিব। তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বিষয়ে দুৱাষাৰ চমুকৈ কবলৈ অনুৰুধ কৰিব। উঠি অহা ছাত্ৰ-ছাত্ৰীসকলে সফল মানুহ হবলৈ কি কি কৰিব লাগিব। পৰীক্ষাত ভাল নম্বৰসহ কেনেদৰে পাছ কৰিব পাৰি আদি কবলৈ অনুৰুধ কৰিব।

    (গ) যদি সম্ভৱ হয় টকা তুলি শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা কৰিব পাৰিব। শিৱসাগৰ, ডিব্ৰগড়, ডিগবৈ অন্য যিকোনো ভাল-ভাল ঠাইত ভ্ৰমণ কৰিবলৈ লৈ যাব পাৰিব। এইবোৰ বাধ্যতামূলক নহয়। পাৰিলে এনে ব্যৱস্থা লব পাৰে। 

    (ঘ) ২৬ জানুৱাৰী, ১৫ আগষ্ট, ২ অক্টুবৰ, ১৪ নবেম্বৰ দিনসূহ গাঁৱত পালন কৰা আদি ব্যৱস্থা লব পাৰে। এই দিনসমূহৰ বিশেষত্বৰ বিষয়ে কোনোবা এজন সমল ব্যক্তিৰ চমু বক্তব্য ৰাখিব পাৰে। ইয়াৰোপৰি কৰম পৰব্ আৰু যিকোনো জাতীয় উতসৱসমূহ পালন কৰিব পাৰি। 

    (ঙ) ৫ জুন তাৰিখে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্ষসূচী হাতত লব পাৰি। গছপুলি ৰূপন, বন্য জীৱ-জন্তুৰ প্ৰতি আমাৰ ব্যৱহাৰ আদিৰ বিষয়ে শিক্ষা দিব পাৰি। 

    (চ) সপ্তম শ্ৰেণীৰ পৰা স্নাতক মহলালৈকে পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলক মাজে-সময়ে, সময় সযোগ মিলাই টিউচন পঢ়া বলৈ আমন্ত্ৰণ কৰিব। ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলক টিউচন লবলৈ আমন্ত্ৰণ কৰিব। 

৯) এটি উপদেষ্টা মণ্ডলী গঠন।

    (টিউচন সূচাৰুৰূপে পৰিচালনা কৰিবলৈ এটা উপদেষ্টা মণ্ডলী গঠন কৰিব। যত মাননীয় শ্ৰী ডেঞ্জেল পাল চাৰ্, শ্ৰী বিপ্লেন বেক্ চাৰ, শ্ৰীমতী জাচিন্তা ছামৰীয়া বাইদেউ, সকলৰ নিচিনা ব্যক্তিসকলক মনোনিত কৰিব। পৰিচালনা সম্পৰ্কীয় যিকোনো দিহা-পৰামৰ্শৰ বাবে এখেতসকলৰ সহায় লব পাৰিব।(এই ক্ষেত্ৰত আপোনাৰ মতামত সংযোজন কৰিবলৈ নাপাহৰিব।) 

    মৰমৰ বন্ধুসকল ইয়াৰোপৰি আপোনালোকে আন বহু ভাল-ভাল পদক্ষেপ লব পাৰে। কিন্তু, সকলোতকৈ ডাঙৰ কথাটো হল আপোনাৰ ইচ্ছাশক্তি। আপুনি যদি ভাবে মোৰ গাঁৱখন উন্নতি হওক, গাৱঁখনৰ বিকাশ হওক, আমাৰ গাঁৱতো কিছুবছৰৰ পিছত শিক্ষিত, চাকৰিয়াল, ধনী ব্যক্তিৰ আগমন ঘটিব তেনে হলে আজিৰ পৰা আপুনি নিস্বাৰ্থ ভাৱে কাম কৰিবলৈ আৰম্ভ কৰি দিয়ক। টিউচন পৰিচালনা কৰিবলৈ গাৱঁৰ ইচ্ছুক ব্যক্তিসকলে টকা ডনেচন দিব পাৰে। ডনেচন টকা টিউচন পৰিচালনা আৰু শিক্ষকৰ মাননি হিচাপে ব্যৱহাৰ কৰা হব। ইয়াৰোপৰি অন্য উত্সসমূহৰ পৰাও টকা সংগ্ৰহ কৰিব পাৰি। উক্ত টকাৰ ব্যৱাহৰৰ ক্ষেত্ৰত শিক্ষকসকলক সম্পূৰ্ণ আধিকাৰ দিয়া হব। উপৰোক্ত উপায় আৰু দিহা পৰামৰ্শসমূহ কোনো ধৰ্ম বা জাতিক সমৰ্থন কৰা হোৱা নাই। ইচ্ছুক সকলো জাতি ধৰ্মৰ ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰিব পাৰিব। শিক্ষা গ্ৰহণ কৰিব পাৰিব। শিকাব পাৰিব। 

    বন্ধুসকল আজি সকলো দিশতে আমি বহু পিছপৰি আছো। গাঁৱখনক উন্নতিৰ পথত আগুৱাই নিবলৈ হলে কোনোৱা নহয় কোনোবা আগবাঢ়ি আহিব লাগিব। কিন্তু, পৰিস্থিতি ইমানে ভয়ানক আছে যে আমি সকলোৱে ইজনে-সিজনক সহায় কৰি আগবাঢ়ি যাব লাগিব। অন্যথা পৰিস্থিতি অতি ভঙ্কৰ ৰূপ ধাৰণ কৰিবলৈ আৰু বেছিদিন নাই। উপৰত মই কিছুমান শিক্ষিত যুৱকৰ নাম শিক্ষক পদৰ বাবে উদাহৰণহে দাঙি ধৰিছো। আপোনালোকে ইচ্ছানুসাৰে শিক্ষক নিযুক্তি কৰিব পাৰিব। কিন্তু, মনত ৰখা উচিত, টিউচন ১০০ শতাং সফল হব লাগিব। ছাত্ৰ-ছাত্ৰীসকল প্ৰকৃততে ইংৰাজী আৰু অসমীয়া ভাষা জ্ঞান পাব লাগিব। এই উপায় বা পদক্ষেপ যদি বিফল হৈ যায় তেন্তে এটা কথা নিশ্চিত যে আমি কেতিয়াও উন্নতি নিবিছাৰো। গাঁৱখনৰ বিকাশ নিবিছাৰো। 

    বন্ধুসকল আজি আৰু বেছিদিন নাই আমি প্ৰত্যেকে একো-একোটা পৰিয়ালৰ মূৰব্বীৰ দায়িত্ব পালন কৰিব লাগিব। কিছুমানে হয়তু এই গধুৰ দায়ত্ব পালন কৰি আছে। সেয়েহে অনাগত দিনত কম কষ্টৰে জীৱন অতিৱাহিত কৰিবলৈ আজি এইখিনি কাম কৰি যাব লাগিব। আজি আমি ভাল কাম কৰিলে সময়ত তাৰ ভাল ফল নিশ্চয় দেখিবলৈ পাম। 

    (ভুল-ভ্ৰান্তিবোৰ আঙুলীয়াই দিব। বহুদিন লেখা-মেলা কৰা নাই বানান ভুল হব পাৰে। অলপ শুদ্ধৰাই পঢ়িব। প্ৰতিটো ভুল-ত্ৰুটিৰ বাবে ক্ষমা-মাৰ্জনা কৰিব।)

ধন্যবাদ!


    বিঃ দ্ৰঃ – মই ফুটবল খেলা সমৰ্থন কৰো। কিন্তু, যত খেলিলে মানুহ এজনৰ চাকৰি হব। ভৱিষ্যত জীৱনত ফুটবল খেলি দৰমহা পাবলৈ সক্ষম হব। বিনা টকা উপাৰ্জন কৰি গাঁৱখনৰ নামমাত্ৰ উজ্বলোৱাৰ কথা কোৱা নাছিলো। যদি খেলিব মন আছে, খেলুৱৈ হবলৈ মন আছে আই. এচ. এল খেলা, ভাৰত দেশৰ হৈ খেলা, নামি-দামি লীগ মেচ খেলা, দেশৰ নাম কৰা, টি.ভিত বস্কবাৰী গাওঁৰ নাম অহাকে খেলা। এই সৰু-সুৰা বন-জংঙ্ঘলত খেলি একো লাভ নাই। মাত্ৰ সময়, টকা, আৰু নিজৰ শৰীৰৰ লোকচানহে আছে। বন্ধুসকল মই এনেধৰণৰ ফুটবল খেল আৰু খেলুৱৈৰ কথাহে কৈছিলো। আপোনালোকে যদি মোৰ কথাখিনি বুজি পাইছে নিশ্চয় আমাৰ ভালদিন আহিব। ইয়াত মই আৰু এটা কথা উল্লেখ কৰিব বিছাৰো মই গাঁৱৰ পৰা দুৰত আছো। সেয়েহে আপোনালোকৰ সুবিধা মতে কামবোৰ কৰিব। প্ৰতিটো কথাত মই মোৰ মতামত দিয়াটো উচিত নাভাবো। মনত ৰাখিব, ফুটবল খেলাৰ বাবে কোনো ছাত্ৰৰ শিক্ষা(পঢ়া-শুনা)বেয়া হব নালাগিব। কোনো যুৱকে মদ খাবলৈ শিকিব নালাগিব। ঘৰত অশান্তি হব নালাগিব। যদি এনে কিবা হয় আপোনালোকে দায়ী হব। মাত্ৰ ফুটবলেই নহয়, উঠি অহা লৰা-ছোৱালীসকলৰ পঢ়া-শুনাৰ প্ৰতিও আপোনালোকৰ দায়িত্ব আছে। মই জানো আপোনালোক এই দুমাহে সক্ৰিয়(এক্টিব) থাকিব। তাৰ পাছত সকলো লুপ্ত হৈ যাব। বিছাৰিলে কাকো নাপাব। আকৌ অহা বছৰ এপ্ৰিল মাহৰ পৰা লাহেকৈ এক্টিব হব আৰম্ভ হব। আমি দেখি আহিছো। নাপাহৰিব আপোনালোকৰ কান্ধত এদিন গধুৰ দায়িত্ব পৰিব। সিদিনা মোৰ এই কথাবোৰ আকৌ এবাৰ পঢি ছাব। ধন্যবাদ! পুনৰবাৰ! সকলোৱে কোশলে থাকা।

email: adivasishayar@gmail.com Click here for Sadri Shayari 👈



Comments